বিদ্যা শপত খাই কৈছো, কাকো পাহৰা নাই মই। কাৰোবাক কন্দুৱাবলৈ ইচ্ছাও নাই মোৰ। ভগৱানৰ ওচৰত বিচাৰিছোঁ - যাক মই মনত পেলাওঁ, তেওঁ যাতে এনেদৰে মোক মনত পেলায়। যদিও মই জানো, সম্পৰ্ক গঢ়াটো চক পেঞ্চিলেৰে ব্লেক ব'ৰ্ডত লিখাৰ নিচিনা অাৰু সম্পৰ্ক বজাই ৰখাটো বৈ থকা পানীত পানীৰে লিখাৰ নিচিনা। হয়, নামেই নহয়। মানুহে অবয়ৱ-চেহেৰা পাহৰি যায়। সাগৰত নহয়, বহু সময়ত মানুহে চকুৰ নদীতে ডুব যায়। বিদ্যা শপত খাই কৈছোঁ - - মোৰ চকুৰ নদীত কোনেও ডুব যোৱা নাই, সকলোৱে এই নদীত সাঁতুৰিয়ে আছে।
শিলক এনেদৰে পূজা কৰিব নালাগে যে এই শিল দেৱতা হৈ পৰে। কাকো এনেদৰে ভাল পাব নালাগে যে প্ৰবঞ্চক হৈ পৰে। চকুৰ শব্দ অন্য। চকুপানীৰ জুই অন্য। কোনেনো বিচাৰে আপোন গৰাকীৰ পৰা বিচ্ছেদ। আচলতে ভাগ্যৰ কথাই বেলেগ এক অন্য।
প্ৰেমে দিয়া আঘাত কাকো দেখুৱাব নালাগে, কাৰণ অইনৰ হাতৰ মুঠিত থাকে যে নিমখ। বিচ্ছেদৰ ভাষাৰে নিজক নিচুকাব নালাগে, কাৰণ তেতিয়া জীবন হৈ পৰে নিৰস।
তোমাৰ ওচৰলৈ আহিৱ নোৱাৰিলোঁ মই - - আবেলিৰ চৰাই জাকৰ সৈতে। তোমাৰ ওচৰলৈ আহিৱ নোৱাৰিলোঁ মই শীতৰ ৰ'দজাকৰ দৰে। মই হব নোৱাৰিলোঁ তোমাৰ বসন্তৰ কুলি। কব নোৱাৰিলোঁ বহু কথা খুলি। হয়, দিন গল গলি গলি। সেয়ে অৱশ্যে চিয়াঁহিৰে মই লিখোঁ জীবন যৌৱনৰ চকুলো।
বিদ্যা শপত খাই কৈছোঁ--- সাগৰৰ পানী মিঠা নোহোৱালৈকে কাকো নাপাহৰোঁ। নৈ হৈ বৈ থাকিম। নিৰৱধি। হয়, কাকো পাহৰা নাই মই। ভগৱানৰ ওচৰত বিচাৰিছোঁ, 'যাক মই মনত পেলাওঁ, তেওঁ যাতে মোক এনেদৰে মনত পেলায়'।
বৰ্ষাৰণ্য আপুনি কিয় চোৱা উচিত?
0 comments:
Post a Comment
If you have any doubts, please let me know