প্ৰকৃতিপ্ৰেমীৰ বাবে এখন অসমীয়া চলচ্চিত্ৰ 'বৰ্ষাৰণ্য'
১)বৰ্তমান সময়ত আপুনি বাতৰি কাকত অথবা টেলিভিছন চেনেলৰ দ্বাৰা বন বিভাগৰ নগ্ন স্বৰূপ সংক্ষিপ্ত বাতৰি আকাৰে পাই আহিছিল। বৰ্ষাৰণ্য'ত ইয়াক বিস্তৃত ৰূপত দেখিবলৈ পাব।
২)কিছুমান বিলুপ্তপ্ৰায়ী প্ৰাণীয়েই হওক বা কেৱল বৰ্ষাৰণ্যত উপলব্ধ হোৱা 'জুৱেল' অৰ্কিডেই হওক, প্ৰকৃতিৰ বিষয়ে কিছুমান নজনা কথা জানিব পাৰিব। বিশেষকৈ শিক্ষাৰ্থী সকলে বৰ্ষাৰণ্যৰ সৃষ্টি, গঠন আদিৰ বিষয়ে জনাত সুবিধা হব।
৩) ছবিখন চোৱাৰ পাছত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা বনধ্বংস ৰোধ কৰিবলৈ আপুনিও আগবাঢ়ি আহিবলৈ বাধ্য হব। সামগ্ৰিক ভাৱে প্ৰকৃতিপ্ৰেমীৰ বাবে বৰ্ষাৰণ্য উৎকৃষ্ট ছবি।